২০-২২ জন এচিএছ-এপিএছ বিষয়া নতুনকৈ আৰক্ষীৰ জালত পৰিবঃ সুৰজিৎ সিং পানেচাৰ

Share

তৃষ্ণা দাস ৩০ ছেপ্তেম্বৰঃ প্ৰাক্তন অধ্যক্ষ দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা  অসম লোকসেৱা আয়োগ (এ পি এছ চি) ৰ ধনৰ বিনিময়ত নিযুক্ত  বিষয়া কেলেংকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ যো-জা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে। এই কথা প্ৰকাশ কৰিছে এ পি এছ চি  গোচৰৰ তদন্তকাৰৰী বিষয়া সুৰজিত সিং পানেচাৰে। বিশেষ ন্যায়ধীশৰ আদালতৰ শুনানিৰ পিছত পানেচাৰে কয় যে ২০-২২ জন এ চি এছ বিষয়াৰ তথ্য লাভ কৰিছে।

উল্লেখ্য যে এ পি এছ চিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালসহ মুঠ ৭৪ জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰবহীৰ জালিয়াতি, টেবুলেচন ছীটত নম্বৰ বৃদ্ধি আদি গ্ৰেপ্তাৰ কৰা আয়োগৰ কৰ্মচাৰী আৰু ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিছে। শুনানিৰ সময়ত অভিযুক্তসকলক এজাহাৰ, চাৰ্জশ্বীট আদিৰ কপী প্ৰদান কৰা হয়। পুনৰ ২৫ অক্টোবৰত এই গোচৰটো শুনানি কৰা হব।

নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ ১১ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। অভিযুক্ত হিমাংশু চোধুৰী, মানসপ্ৰতিম হালৈ, নৱকান্ত পাটিৰ, ছৈয়দ মোছাৰফ হুছেইন, ঋতুৰাজ গগৈ আৰু মোস্তাফা আহমেদ বৰভূঞাক ৰাজ্যৰ বাহিৰলৈ যাবলৈ ন্যায়ালয়ে অনুমতি প্ৰদান কৰে। পৰৱৰ্তী শুনানিত তেওলোকক বিশেষ ন্যায়াধীশৰ আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশনা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *