চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক লগতে বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন লগতে পুত্ৰ তানজিল হুছেইন আৰু দুজনকৈ দেহৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ‘ল নগাঁও আৰক্ষী। মুখত কলা কাপোৰ পিন্ধা ২ দুৰ্বূত্তই যোৱা ২০ ফেব্ৰুৱাৰীত সংঘটিত কৰিছিল এই ঘটনা।এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলায়ন হৈ আছিল এই ২ আক্ৰমণকাৰী। তামুলীটুপৰ বছিৰুদ্দিন আৰু ৰৌমাৰীৰ খালেক নামৰ দুই দুৰ্বূত্ত।এগৰাকী সাংসদ আৰু তেওঁৰ দুজন দেহৰক্ষীক দিনৰ পোহৰত ৰাজ্যিক ঘাইপথত একেৰাহে দৌৰাই দৌৰাই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ ৰাজ্যজুৰি এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতে অৱশেষত দুজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী।নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত ৰূপহীহাটৰ বিভিন্ন স্থানত অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছিল যদিও নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। দুৰ্বূত্ত কেইজনক কঠোৰ শাস্তি দিয়াৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ কৰ্মী সমৰ্থকসকলে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীও।