বিশ্বৰ ইতিহাসত খোদিত হ’ল অসমীয়াৰ নাম, অস্কাৰ কমিটিৰ সদস্যৰূপে মনোনীত ৰীমা

Share

অসমবাসীৰ বাবে এক সুখবৰ ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচিত্ৰ তথা অসম জীয়ৰী চলচিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ আগবঢ়োৱা হ’ল এক বিশেষ সন্মান ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা অসমৰ জীয়ৰী ৰীমা দাসে লাভ কৰিলে এক সোণালী সুযোগ ৷ অস্কাৰ কমিটিৰ সদস্য হিচাপে মনোনীত হ’ল ৰীমা দাস ৷ ভিলেজ ৰকষ্টাৰছ’ৰ দৰে অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা ৰীমা দাসে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে ৷ অকল ভিলেজ ৰকষ্টাৰছ বুলিয়ে নহয় “বুলবুল কেন চিঙৰ” দৰে আন বহু কেইখন চলচিত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে স্থান লাভ কৰিছে ৷  ২৬ তাৰিখে অস্কাৰ কমিটিৰ সদস্য হিচাপে মনোনীত হোৱা ৰীমা দাসৰ এই খবৰত গৌৰান্বিত হৈছে এতিয়া অসম ৷ এই খবৰ মুকলি হোৱাৰ পৰাই সামাজিক মাধ্যমত লাগিছে তোলপাৰ ৷ সকলোৱে ৰীমা দাসক দিছে শুভ কামনা ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও সামাজিক মাধ্যম যোগে ৰীমা দাসলৈ জনাঁলে শুভ কামনা ৷ তেওঁ কয় যে-ৰীমা দাসে লাভ কৰা এই আমন্ত্ৰণ বিশ্বৰ চলচিত্ৰ জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি ৷ লগতে ৰীমা দাসক লৈ এতিয়া গৌৰান্বিত অসম বুলিও মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *