নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ১৯ টা বিৰোধী দল

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে’ত উদ্বোধন কৰিব নতুন সংসদ ভৱন।এই উদ্বোধনক লৈ ভাৰতৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।প্ৰায় ১৯ টাকৈ বিৰোধী দলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিব।

উল্লেখযোগ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টী,তৃণমূল কংগ্ৰেছ আদিকে ধৰি ১৯ টা বিৰোধী দলে উপস্থিত নাথাকে এই উদ্বোধনী অনুষ্ঠানত।কিন্ত ইয়াৰ মাজতে খবৰ আহিছে যে কেইটামান বিৰোধী দলে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।পঞ্জাৱৰ ৰাজনৈতিক দল অকালী দলৰ লগতে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ দল, বীজু জনতা দলেও অংশগ্ৰহণ কৰিব।ইয়াৰোপৰি জগমোহন ৰেড্ডীৰ দল ৱাই এছ আৰ চি পি আৰি মায়াৱতীৰ দল বহুজন সমাজ পাৰ্টীয়ে এই অনুষ্ঠানত অংশ লব।

আনহাতে, যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীয়ে কয় যে, বিশাল সংসদ ৰাষ্ট্ৰক সমৰ্পিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা ।সংসদ গণতন্ত্ৰৰ মন্দিৰ গতিকে এনে অনুষ্ঠানৰ পৰা বাহিৰ কৰাটো উচিত নহয় বুলি কয় তেওঁ।লগতে অন্য বিৰোধী দলকো অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহব্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *