ধেমাজিত ১৮তম জয়দাম মেচ্চু উদযাপন

Share

উ९সৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে ধেমাজিৰ বামচেনিয়া পথাৰ ৷ তিনিদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দেউৰী জনগোষ্ঠীয় লোকসকলৰ পৰাম্পৰাগত উ९সৱ জয়দাম মেচ্চু ৷ বিগত বৰ্ষৰ দৰে এইবেলিও দেউৰী শায়িত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে দেউৰীসকলৰ ১৮ তম জয়দাম উ९সৱ৷ তিনিদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থাপন কৰা হৈছে দেউৰীসকলৰ কলা-সংস্কৃতি৷ দেওবাৰৰ অন্তিমদিনা প্ৰায় ২০০০ মহিলাই একেলগে হাতে হাত ধৰি প্ৰদৰ্শন কৰিলে বিহুৰ আঠটাকৈ মুদ্ৰা ৷ জয়দাম মানে হৈছে অৰুণাচলৰ এখন পাহাৰ ৷ জানিব পৰা মতে এসময়ত সেই পাহাৰৰ পৰাই ভৈয়ামলৈ নামি আহিছিল দেউৰী জনগোষ্ঠীয় লোকসকল৷সেই তেতিয়াৰ পৰাই পাহাৰখনক স্মৰণ কৰি দেউৰীসকলে পালন কৰি আহিছে এই উ९সৱ ৷ প্ৰদৰ্শন কৰা বিহু নৃত্যক কোৱা হয় লোহোৰি লহোবাই ৷ এই নৃত্যৰ মূল উদ্দেশ্য হৈছে একতা এনাজৰীডাল অটুট ৰখা ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিল এটা দেশী- বিদেশী পৰ্যটকৰ দল ৷দেউৰীসকলৰ জনগোষ্ঠীয় নৃত্য দেখি মুগ্ধ হৈ পৰিল পৰ্যটকৰ দলটোৱে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংষ্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *