২০২২ চনৰ ছেপ্তেম্বৰ মাহৰ ২৪ ৰ পৰা ২৬ তাৰিখলৈকে কাজিৰঙাত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈছিল চিন্তন বৈঠক। এই চিন্তন বৈঠকত হোৱা খৰচ পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
উল্লেখযোগ্য যে, অসম চৰকাৰে তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত কৰা চিন্তন বৈঠকৰ এক RTI ত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য।
এই চিন্তন বৈঠকত মন্ত্ৰী, বিধায়ক, আৰক্ষী জোৱান, অতিথি, বিষয়া আৰু অন্যান্য লোকসকলৰ বাবেও হোটেলত থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্য চৰকাৰে চিন্তন বৈঠকলৈ আমন্ত্ৰণ কৰি আনিছিল দুজন বিশিষ্ট অতিথি। সেই অতিথি দুজন ক্ৰমে বাবা সদগুৰু আৰু ৰবিশংকৰ, তেওঁলোক অসমলৈ অহা-যোৱাৰ বিমানৰ ভাড়া, গুৱাহাটী আৰু কাজিৰঙাৰ হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল। আৰু এই সকলোবোৰৰ বাবে ব্যয় হৈছিল প্ৰায় ১ কোটি ৮৫ লাখ ৭২ হাজাৰ টকা। যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কাজিৰঙাবাসীয়ে ৷ এই বৈঠকৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাত মত ব্যক্ত কৰিছে সচেতন ৰাইজ তথা দল সংগঠনে।
এতিয়া প্ৰশ্ন হয় গোলাঘাট জিলা প্ৰশাসনে ক’ৰ পৰা ইমান টকা খৰচ কৰিলে। গোলাঘাট জিলা প্ৰশাসনে RTI ত দেখুওৱা এই তথ্যত সন্নিবিষ্ট নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খৰচৰ বিৱৰণ ৷
এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াই চিন্তন শিবিৰৰ নামত চৰকাৰে ইয়াতকৈ অধিক টকা ব্যয় কৰিছে বুলি সন্দেহ কৰি কয় যে, যি সময়ত ৰাজ্যৰ জনতা মূল্যবৃদ্ধি অথাই সাগৰত পৰি ককবকাই আছে সেই সময়ত চৰকাৰী মন্ত্ৰী আমোলাই বিলাসিতাৰ নামত ৰাজকোষৰ ধন এইদৰে অপব্যৱহাৰ কৰাটো ৰাজ্যবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক।