এজনো বিধায়কৰ সমৰ্থন নাপায় গৌৰৱ গগৈয়ে ।

Share
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ইতিমধ্যে প্ৰকাশ পাইছে। সেই অনুসৰি মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি তেজপুৰ, মঙলদৈ আৰু কলিয়াবৰৰ নাম সলনি কৰা হৈছে। কেৱল নাম সলনি কৰাই নহয়, এই সমষ্টি কেইটাৰ সীমাও সালসলনি কৰা  হৈছে।
তেজপুৰ আৰু মঙলদৈ বিধানসভা সমষ্টি দুটাক নতুনকৈ শোণিতপুৰ আৰু দৰং নামেৰে নামাকৰণ কৰা হৈছে যদিও এই দুয়োটা সমষ্টিতেই আছে বিজেপিৰ সাংসদ। কলিয়াবৰ আছিল কংগ্ৰেছৰ দখলত ।
একেদৰে এই সমষ্টিটোৰ ভিতৰে বাহিৰে ঘূৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেছৰ তেলীৰ লগতে সাংসদ, কামাখ্যা প্ৰসাদ তাছাও। এনে পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈয়েও বিজেপিৰ এই ৰণকৌশলৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ শেহতীয়াকৈ সমষ্টিত অধিক সময় দিয়াৰ প্ৰচেষ্টা চলাইছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণে তেওঁৰ অংকত খেলিমেলিৰ সৃষ্টি কৰিলে।
 আনহাতে,বিৰোধী ৰাজনৈতিক দলসমূহৰ অভিযোগ অনুসৰি লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।বিজেপিৰ কথা মতেই নিৰ্বাচন আয়োগে কাম কৰিছে। যদিও নিৰ্বাচন আয়োগ এক স্বতন্ত্ৰ সংস্থা তথাপিও এই সংস্থাটোৱে স্বতন্ত্ৰতা ত্যাগ কৰি বিজেপিৰ ভোটবেংক ৰক্ষা কৰাৰ বাবে কাম কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে।
যদি এই অভিযোগেই সঁচা হয় তেন্তে গৌৰৱ গগৈ হয়তো তেনে ষড়যন্ত্ৰৰেই স্বীকাৰ হ’ল। এক প্ৰকাৰে ৰাজনৈতিক ভাৱে গৌৰৱ গগৈৰ কেৰিয়াৰ ধ্বংস হোৱাৰ দিশে আগবাঢ়িছে। তেওঁৰ কাষত থিয় দিবলৈ নাই এজনো কংগ্ৰেছী বিধায়ক।
কলিয়াবৰ সমষ্টি বিলুপ্ত হোৱাত গৌৰৱ গগৈয়ে হয়তো প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লাগিব। কিন্তু এই কাজিৰঙা লোকসভা সমষ্টিত নাই কংগ্ৰছেৰ দখলত থকা এটাও সমষ্টি।
প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, দেৰগাওঁ, বোকাখাত, খুমটাই আৰু সৰুপথাৰ। ইয়াৰে বিন্নাকান্দি প্ৰস্তাৱিত নতুন বিধানসভা সমষ্টি বাকী আটাইবোৰতে আছে বিজেপি আৰু এজিপিৰ বিধায়ক। বৰ্তমান কলিয়াবৰত কেশৱ মহন্ত, বঢ়মপুৰত জিতু গোস্বামী, হোজাইত ৰামকৃষ্ণ ঘোষ, লামডিঙত শিবু মিশ্ৰ, দেৰগাঁৱত ভৱেন্দ্ৰ নাথ ভৰালী, বোকাখাতত অতুল বৰা খুমটাইত মৃণাল শইকীয়া আৰু সৰুপথাৰত আছে বিশ্বজিত ফুকন। এনে পৰিস্থিতিত ২০২৪ ৰ আগত যদি সমষ্টি পুনৰ নিৰ্ধাৰণ হয় তেন্তে গৌৰৱ গগৈৰ কাষত থিয় দিবলৈ এই লোকসভা সমষ্টিৰ ভিতৰত নাথাকিব এজনো কংগ্ৰেছ বিধায়ক।
এনে পৰিস্থিতিত গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰক লৈ প্ৰশ্ন উঠাটো স্বাভাৱিক। যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই চূড়ান্ত হয় আৰু নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে গৌৰৱ গগৈৰ বাবে পুনৰ দিল্লী যাত্ৰা সহজ হৈ নাথাকিব। 
উল্লেখ্য যে, ২০১৯ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ কাষত আছিল ৪ জনকৈ বিধায়ক। তাৰে ৩ জন কংগ্ৰেছৰ আৰু এজন এ আই ইউ ডি এফৰ বিধায়ক। যাৰ সহায়ত গৌৰৱ গৈগেয় মণিমাধৱ মহন্তক পৰাস্ত কৰি দিল্লী যাত্ৰা কৰিছিল।
২০১৯ ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে লাভ কৰিছিল ৭,৮৬,০৯২ টা ভোট। ইয়াৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দি মণি মাধৱ মহন্তই লাভ কৰিছিল ৫,৭৬,০৯৮ টা ভোট। ইয়াৰ পূৰ্বে ২০১৪ ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে লাভ কৰিছিল ৪,৪৩,৩১৫ টা ভোট। তেওঁৰ নিকটতম প্ৰাৰ্থী মৃণাল শইকীয়াই লাভ কৰিছিল ৩,৪৯,৪৪১ টা ভোট।

Leave a Reply

Your email address will not be published. Required fields are marked *