আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ প্ৰাসাদৰ খেলপথাৰত গণ যোগ অনুষ্ঠানত ১৫,000 লোকে অংশগ্ৰহণ কৰে

Share
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মহীশূৰ প্ৰাসাদৰ খেলপথাৰত এক গণ যোগ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত ১,২00 শিশুসহ প্ৰায় ১৫,000 লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোক ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষৰ সৈতে একত্ৰিত কৰি কেন্দ্ৰৰ ৭৫ জন মন্ত্ৰীয়ে দেশৰ ৭৫ টা ঐতিহাসিক আৰু সাংস্কৃতিক স্থানতো দিনটোৰ আৰম্ভণি যোগাভ্যাসৰে কৰে। 
এই বছৰ, যোগ দিৱসৰ বিষয়বস্তু হৈছে “মানৱতাৰ বাবে যোগ”। কোভিড মহামাৰীৰ সময়ত যোগে কেনেদৰে মানৱজাতিক দুখ-কষ্ট দূৰ কৰাত সেৱা আগবঢ়াইছিল,সেই কথা প্ৰধানমন্ত্ৰীয়ে এক বিবৃতিত কয়। আজিৰ দিনটোত দেশ বিদেশৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক নেতা, ভি আই পি , ভি  ভি আই পিৰ লগতে জনসাধাৰণয়েও যোগাসনত অংশগ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *