আজি ঘোষণা্ হব ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই অনুষ্ঠিত কৰা চতুৰ্থ বৰ্গৰ পদৰ ফলাফলৰ ঘোষণা্ ।
আজি দিনৰ ২ বজাত চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব।১৪,২৮১ টা পদৰ চাকৰিৰ ফলাফল সমুহ ছেবাৰ ৱেবছাইটত মুকলি কৰা হব।প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ ৱেবছাইট \1\6www.sebaonline.org ত চাব পাৰিব।
উল্লেখযোগ্য যে, ৩ মে’ত ঘোষণা কৰা হৈছিল তৃতীয় বৰ্গৰ চাকৰিৰ ফলাফলসমুহো । আৰু ইয়াৰ পিছতেই , ১১ মেত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে মুঠ ২৬ হাজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰত্ৰ বিতৰণ কৰা হব।এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।