অলিম্পিকত স্বৰ্ণ জয় ১৩ বছৰীয়া কণমানিৰ

Share

সুস্মিতা বৰা
২৮ জুলাই: কণমানিজনিৰ‌ বয়স মাত্ৰ ১৩ বছৰ, এই বয়সটো ল’ৰা-ছোৱালীৰ বাবে খেল-ধেমালীৰ বয়স, এই সময়ত আন ল’ৰা-ছোৱালীয়ে অলিম্পিকত পদ লাভ কৰাটো বহুত দূৰৈৰ কথা অলিম্পিকত অংশগ্ৰহণ কৰাৰ সপোন ও নেদেখে। কিন্তু এই বয়সতে অলিম্পিকত স্বৰ্ণ জয় কৰি নিশাটোৰ ভিতৰতে সকলোৰে পৰিচিত হৈ পৰা কণমানিজনী হ’ল-জাপানৰ ম’মিজি নিশ্বিয়া। অলিম্পিকত স্কেটব’ৰ্ডিং প্ৰতিযোগিতাত চাঞ্চল্যকাৰী প্ৰদৰ্শন আগবঢ়াই ম’মিজিয়ে স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়। আৰু জাপানৰ পৰা অলিম্পিকত আটাইতকৈ কম বয়সত স্বৰ্ণ পদক অৰ্জন কৰা খেলুৱৈ হিছাপে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম‌ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *