বিধানসভা চৌহদত বাজেটক লৈ সৰৱ বিধায়ক অখিল গগৈ

Share

বিধানসভা চৌহদত বাজেটক লৈ সৰৱ বিধায়ক অখিল গগৈ । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে বিধানসভাৰ চৌহদত মূল্য বৃদ্ধিক তীব্ৰ ভাষাৰে সমালোচনা কৰে অখিল  গগৈয়ে । 

বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিনত হাতত অত্যাৱশ্য়কীয় সামগ্ৰীৰ তালিকা লৈ প্ৰতিবাদমুখৰ  হল শিৱসাগৰৰ বিধায়ক অখিল গগৈ । ইয়াৰ লগতে তেওঁ মাজে মাজে হাতত তুলি ললে দুখন চিলিণ্ডাৰৰ প্ৰতিকী ৰূপ । বিধানসভাত প্ৰৱেশৰ প্ৰাকক্ষণত তেওঁ “মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ৰন্ধন গেছৰ দাম আছিল ৪৪৮ টকা ৷ বৰ্তমান এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১১৫২ টকা হ’ল ৷ প্ৰত্যেক সামগ্ৰীতে আকাশলংঘী মূল্যবৃদ্ধি এতিয়া ৷ বিধানসভাত বেলেগ কথা আলোচনা হোৱাৰ সলনি মূল্যবৃদ্ধিহে বিধানসভাৰ ইছ্যু হ’ব লাগে ৷ মূল্যবৃদ্ধি ৰোধৰ উপায় উলিওৱাহে বিধানসভাৰ দায়িত্ব হোৱা উচিত ” বুলি মন্তব্য কৰে । 

ইয়াৰোপৰি, অখিল গগৈয়ে সাংবাদিকৰ হাতত তুলি দিয়া মূল্যবৃদ্ধি হোৱা সামগ্ৰীসমূহৰ তালিকাখনত ৮ মাৰ্চ ২০১৪ আৰু ৮ মাৰ্চ ২০২৩ৰ তুলনা কৰিছে ৷  নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে কিমান আছিল আৰু বৰ্তমান কিমান হ’ল তাৰ তুলনামূলক তথ্য দিছে বিধায়ক গগৈয়ে ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *