এইবাৰ এপৰ জৰিয়তে সহজে চিনি পাব পাৱাৰলুমৰ গামোচা

Share

এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে  এক বিশেষ এপ্লিকেচন ।  এই এপ্লিকেচন জৰিয়তে সহজতে চিনি পাব পাৱাৰলুমৰ গামোচাৰ । এপ্লিকেচনটোৰ নাম হৈছে loom বহিঃ ৰাজ্যত তৈয়াৰ কৰা গামোচাৰ বাবে বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব লগা হৈছে থলুৱা শিপিনীসকল ।যিহেতু ৰঙালী বিহু সমাগত সেই বাবে ৰাজ্য চৰকাৰে  ১৪ এপিললৈ পাৱাৰলুমৰ গামোচা   নিষিদ্ব কৰিছে অসমত । গ্ৰিনিজ বুকত বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে চৰকাৰৰ এই সিদ্বান্ত  । পাৱাৰলুমৰ গামোচাৰ বাবেই অসমীয়া থলুৱা শিপিনীসকলে নিজৰ প্ৰাপ্যৰ পৰা সদায় বাদ পৰি থকা বিষয়টোৰ ক্ষেত্ৰত যেন এইবাৰ অধিক গুৰুত্ব দিছে অসম চৰকাৰে । সেয়ে মাৰ্চ মাহৰ পৰা এপিললৈ বন্ধ কৰি দিয়া হৈছে পাৱাৰলুমৰ গামোচা । চৰকাৰে এই গামোচা বিক্ৰীৰ ক্ষেত্ৰত বাধা দিছিল যদিও একাংশ লোকে ব্যৱসায় চলাই আহিছে । যাৰ বাবে কোঙা হৈ পৰিছ্ল অসমীয়া শিপিনীসকল । এক ভাল খবৰ যে  অধ্যাপিকা লিপি বেনাৰ্জী মহন্তৰ নেতূত্বত এদল  শিক্ষাৰ্থীয়ে loom  এপটো নিৰ্মাণ কৰিছে । এপটোত জৰিয়তে প্ৰথমে এখন গামোচাৰ ফুল ,পাৰি আৰু মাজৰ অংশৰ ফটো তুলি চিনাক্ত কৰিব পাৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *