বিপদে যেন পিছ নেৰা হৈছে SEBA ৰ ।হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই লাগিল কেনা।শিক্ষাৰ্থী সকল কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজৰে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ স্বত্বেও, পুনৰ অসম আৰক্ষীৰ নাক কাটিলে বৰপেটা জিলাৰ এক পৰীক্ষা কেন্দ্ৰই।আৰক্ষীৰ কটকটীয়া নিৰক্ষণৰ পাছতো যেন সকলোবোৰ বাধা নেউচি প্ৰশ্ন কাকত ফাদিল কৰিবলৈ সক্ষম হৈছিল এচাম দুূষ্টচক্ৰই।
উল্লেখ্য যে পৰীক্ষা আৰম্ভ হোৱাৰ ৮ মিনিট পিছতেই মোবাইলে মোবাইলে বিয়পি পৰিছিল ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত । জানিব পৰা মতে এই প্ৰশ্ন কাকত বৰপেটা জিলাৰ পৰা ফাদিল কৰা হৈছে । ইয়াক লৈ ৰাজ্যজুৰি পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত দেখা গৈছে প্ৰতিক্ৰিয়া।
লক্ষ্যণীয় বিষয় এই যে ইমান নিৰাপত্তা বেষ্টনিৰ মাজতো কেনেকৈ ফাদিল কৰিলে প্ৰশ্ন কাকত।