ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

Share

আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই  বিশেষ কাৰ্যসূচীত পতাকা উত্তালন কৰে এপিচিচি ৰ সভাপতি ভূপেন বৰা। ইয়াৰ পাছতে বিভিন্ন সময়ত দলটোক আগৱঢ়াই  নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি প্ৰাণ আঁহুতি দি অহা বৰণ্যে কংগ্ৰেছী নেতাসকলক, কৰ্মীসকলক  শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। আনহাতে ভাৰত জোড়ো যাত্ৰা চলি থকাৰ সময়তে দিল্লীতো  ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ লগতে মাতৃ ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ আন আন নেতাসকল।  ৰাহুল গান্ধীয়ে টুইটত যোগে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে যে ” মই গৌৰৱান্বিত যে প্ৰতিটো পৰিস্থিতিত সত্য, অহিংসা আৰু সংগ্ৰামৰ পথ বাছি লোৱা আৰু সদায় জনস্বাৰ্থত প্ৰতিটো পদক্ষেপ লোৱা এটা সংস্থাৰ অংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *