জি ২০ মাজতো কাজিৰঙাত অব্যাহত থাকিব পৰ্যটকৰ বাবে হাতী চাফাৰী

Share

কাজিৰঙাৰ পৰ্যটকৰ বাবে এটা সু-খবৰ। ১৯ জানুৱাৰীত অসম বন বিভাগে সদৰি কৰা তথ্য অনুসৰি জি ২০ মাজতো কাজিৰঙাত অব্যাহত থাকিব পৰ্যটকৰ বাবে হাতী চাফাৰী। ল। দলটোক আদৰিবলৈ কাজিৰঙাত চলিছে যুদ্ধকালীন তত্‍পৰতা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ডিএফঅ’ ৰমেশ গগৈয়ে প্ৰকাশ কৰা অনুসৰি ১৯ খন দেশৰ ৭২ গৰাকীকৈ প্ৰতিনিধি উপস্থিত হব কাজিৰঙাত। 

উল্লেখ্যযোগ্য যে, পূৰ্বে ভ্ৰমণৰ  দিন ধাৰ্য কৰা হৈছিল ৪ ফেব্ৰুৱাৰীত। সেয়েহে কঁহৰা,বাগৰি আৰু আগৰাতলি বনাঞ্চল সাধাৰণ পৰ্যটকৰ বাবে জীপ চাফাৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এতিয়া ১ ফেব্ৰুৱাৰী দিনটোত সাধাৰণ পৰ্যটকৰ বাবে  বন্ধ থাকিব উক্ত তিনিটাকৈ বনাঞ্চলস্থলীত জীপ চাফাৰী, কিন্তু হাতী চাফাৰী অব্যাহত থাকিব।

আহিবলগীয়া দলটোলে বন বিভাগে চাহ বাগিচা পৰিভ্ৰমণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,পাণবাৰীৰ CWRC দৰ্শন কৰাৰ বাবে সকলোবোৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *