ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ ১২ খনকৈ সত্ৰ

Share
গুৱাহাটী, ২৫ নৱেম্বৰ : মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত। মাজুলীৰ এক অবিচ্ছেদ্য অংগ ৰাস মহোৎসৱ। মাজুলীৰ ৰাসত শ্ৰী কৃষ্ণই শৈশৱত বৃন্দাবনত উমলি-জামলি থকাৰ মাজতে লীলা দেখুওৱাৰ পৰা আৰম্ভ কৰি গোপিনিবোৰৰ লগত ৰাসলীলা কৰালৈকে মঞ্চস্থ কৰা হয়। মাজুলীৰ সত্ৰভেদে শ্ৰীমন্তশংকৰদেৱৰ দ্বাৰা ৰচিত ‘কেলি গোপাল’ আৰু মাধৱদেৱৰ ‘ৰাস ঝুমুৰাৰ’ আধাৰত উপস্থাপন কৰা হয়। মাজুলীত এসময়ত ৬৫ খন সত্ৰ আছিল যদিও গৰাখহনীয়াৰ কৱলত পৰি এতিয়া মাত্ৰ ১২ খন সত্ৰৰহে অৱস্থিতি আছেগৈ।
মাজুলীত পোন প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত। জনশ্ৰুতিমতে ১৭৬২ শকত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। তেতিয়াৰে পৰা ক্রমাণ্বয়ে গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস মহোৎসৱ পালন কৰা হয়। মাজুলীৰ ৰাস আজিও বৈদিক ক্ৰিয়া-কলাপৰ মাজেৰেই অনুষ্ঠিত হৈ আহিছে। মাজুলীৰ সত্ৰসমূহৰ ৰাস উৎসৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট হৈছে পুৰুষকেন্দ্ৰিক অভিনয়। ৰাসলীলাৰ নাটকৰ পুৰুষৰ দ্বাৰাই ৰূপায়ন কৰা হয়।
এইবাৰো মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰঙ্গমঞ্চ আৰু ১২ খনকৈ সত্ৰত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ সময়ত মাজুলী দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হয়। সেয়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱকলৈ। মাজুলী ৰাসৰ আন এক বিশেষত্ব হ’ল ইয়াৰ থলুৱা কাৰিকৰী সজ্জা আৰু মুখা শিল্পৰ প্ৰয়োগ। 
ইফালে এতিয়া সকলোকে মুগ্ধ কৰিছে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ দৃশ্যই। চামগুৰি সত্ৰত নিৰ্মিত হোৱা মুখাই আকৰ্ষণ কৰিছে দেশ-বিদেশী পৰ্যটকক। জানিব পৰা মতে, চামগুৰি সত্ৰৰ শিল্পীৰ হাতৰ পৰশত নিমাৰ্ণ হৈছে অঘাসুৰ, বকাসুৰ, ৰাক্ষসী পুতনা আদিকে ধৰি বিভিন্ন ধৰণৰ মুখা । চামগুৰি সত্ৰত নিৰ্মিত হোৱা এই মুখাসমূহ ৰাসৰ সময়ত মাজুলীৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন স্থানলৈকো নিয়া হয় ।
তিনিদিয়াকৈ অনুষ্ঠিত হোৱা মাজুলীৰ ৰাসৰ প্ৰথম দিনটোক অধিবাস, দ্বিতীয় দিনটোক ৰাস আৰু তৃতীয় দিনটোক ইন্দ্ৰাভিষেক বুলি কোৱা হয়। পূৰ্বতে কেৱল গায়ন-বায়নৰ জৰিয়তে অনুষ্ঠিত হোৱা ৰাস উৎসৱ এতিয়া ৰং বিৰঙী পোহৰৰ উপৰিও নানা বাদ্যযন্ত্ৰৰ শব্দ সংমিশ্ৰণ আদিৰ সমণ্বয়ত অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *