অসমত কংগ্ৰেছ চৰকাৰৰ শাসন কালতেই উত্তৰ লখিমপুৰ জিলাত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি-বিদ্যা বিভাগৰ অধীনৰ তাৰকাগৃহটি অহা ১৮ ডিচেম্বৰ, ২০২২ তাৰিখে মুকলি কৰা হ’ব। জিলাখনৰ সদৰৰ নিকটৱৰ্তী চুতীয়াকাৰীত নিৰ্মাণ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তথা দেশৰ ষষ্ঠতো 3D শ্ব’ সমৃদ্ধ আৰু অসমৰ পঞ্চমতো তাৰকাগৃহ অহা ১৮ ডিচেম্বৰত ৰাইজৰ বাবে মুকলি কৰিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে ২০১১ চনৰ জুন মাহতেই কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা তাৰকাগৃহটি পৰ্যটকৰ বাবে মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ সাজু হৈ উঠিবলৈ সময় লাগিল বাৰ বছৰ। প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলা গড়কাপ্তানী (গৃহ) বিভাগৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা প্ৰকল্পটোৰ আৰম্ভণিৰ পৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামৰ হেমাহীৰ লগতে চৰকাৰ আৰু জন-প্ৰতিনিধিৰ অৱহেলাৰ বাবেই আশী-নব্বৈ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছতো তাৰকাগৃহটি মুকলি কৰিবলৈ ইমান বছৰৰ প্ৰয়োজন হ’ল বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ সচেতন মহলে। এই তাৰকাগৃহটি নিৰ্মাণৰ বাবে প্ৰথম পৰ্যায়ত পাঁচ কোটি টকা আৱন্তন দিয়া হৈছিল। এই পুঁজিৰ ভিতৰত ২.৩১ কোটি টকা যন্ত্ৰ-পাতি ক্ৰয় কৰিবৰ বাবে নিৰ্ধাৰণ কৰাৰ বিপৰীতে বাকী থকা অংশ মূল ভৱন, কৰ্মচাৰীৰ আৱাস, আদিত খৰছ কৰাৰ আঁচনি লোৱা হয়। পৰৱৰ্তী সময়ত অৰ্থাত্ ২০১৮ বৰ্ষত দ্বিতীয় কিস্তিত লাভ কৰা ২.৬১ কোটি টকাৰে চৌহদৰ বেৰা, মাটিৰ কাম, সংলগ্ন পথ নিৰ্মাণ, কেণ্টিন, ছিকিউৰিটী বেৰেক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাস নিৰ্মাণ, বিষয়াৰ আৱাস আদি নিৰ্মাণত ব্যয় কৰাৰ আঁচনি লোৱা হৈছিল। প্ৰকল্পটোৰ ঠিকাৰ কাম লাভ কৰিছিল গুৱাহাটীৰ আই এছ ট্ৰেডিং আৰু মেচাৰ্চ বিল্ডাৰ্ছ ৱৰ্থ ট্ৰেড এণ্ড ইঞ্জিনীয়াৰছ্ নামৰ প্ৰতিষ্ঠান দুটাই।
উল্লেখনীয় যে লখিমপুৰ জিলাখনৰ লগতে উত্তৰ অসমত হ’বলগীয়া বহু আকাংক্ষিত তাৰকাগৃহটোৰ মুক্তিৰ খবৰক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উত্তৰপৰীয়া ৰাইজৰ মুখত আশাৰ ৰেঙণি দেখা গৈছে। তাৰকাগৃহটি মুকলি কৰাৰ পিছত প্ৰাপ্ত বয়স্কৰ বাবে ৫০ টকা টিকটৰ মূল্য ধাৰ্য কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে।