৩ দিনীয়া কাৰ্যসূচীৰে মাজুলী সংগীত মহোৎসৱ

Share

২৫নৱেম্বৰৰ পৰা মাজুলীৰ জেংৰাই চাপৰিত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক মাজুলী মিউজিক ফেষ্টিভেল। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পীসকলে ভিৰ কৰিছেহি মাজুলীত। সংগীতৰ সমান্তৰালকৈ নৃত্যানুষ্ঠান আৰু বিভিন্ন বিপনীৰ সমাহাৰ ঘটিছে জেংৰাইমুখৰ খেৰকটীয়া নদীৰ পাৰত অনুষ্ঠিত এই মিউজিক ফেষ্টিভেলত। জন্ম লগ্নৰে পৰা মাজুলী মিউজিক ফেষ্টিভেলে লাভ কৰিছে দেশ-বিদেশৰ জনপ্ৰিয়তা। কেৰালা,নাগালেণ্ড,অসম আদিকে ধৰি বিভিন্ন ঠাইৰ খ্যাতিসম্পন্ন সংগীত শিল্পীসকলে গীত পৰিবেশন কৰি আৰু জনপ্ৰিয় কৰি তুলিছে মাজুলীক। এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক অধিক জনপ্ৰিয় কৰি মিউজিক ফেষ্টিভেল তোলাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ সৱলীকৰণ। থলুৱা সাজ-পাৰ,খাদ্য সামগ্ৰী আদি বিপনী সমূহ প্ৰস্তুত কৰা হৈছে। ইয়াৰ লগতে পৰ্যটক সকলৰ থকা-খোৱাৰ বাবে সাজু কৰিছে মাজুলীবাসীয়ে। বিগত বৰ্ষৰ দৰে এইবাৰো মিউজিক ফেষ্টিভেলত যথেষ্ট উৎসাহ দেখা গৈছে মাজুলীবাসীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *