ৰাজ্যৰ ৰাজপথত চলিব ১০০খন নতুনকৈ ইলেক্ট্ৰিক বাছ

Share

গুৱাহাটী,৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে ক্ৰয় কৰিবলৈ ওলাইছে ১০০ খন অত্যাধুনিক বিদ্যুৎচালিত বাছ।এই ১০০খন বাছৰ আনুমানিক ব্যয় হ’ব ১৫১ কোটি টকা৷

     উল্লেখ্য যে,ৰাজ্য চৰকাৰৰ সৈতে হোৱা এক চুক্তি অনুসৰি অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড কোম্পানীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰা পত্ৰ লাভ কৰি ৰাজ্যখনলৈ ১০০ খন বাছ আগবঢ়াব ৷

লগতে অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড (অলেক্ট্ৰা)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা লাভ কৰিছে এয়া প্ৰথমটো অৰ্ডাৰ।
তদপুৰি অসমত এই বাছসমূহ উপলবদ্ধ হ’ব ৯ মাহৰ ভিতৰত আৰু আগন্তুক ৫ বছৰলৈ এই বাছসমূহৰ মেৰামতিৰ দায়িত্ব কোম্পানীয়ে বহন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *