১০ জন বিজেপিৰ সাংসদৰ পদত্যাগ

Share
দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিৰ পৰা ১০ গৰাকী সাংসদে পদত্যাগ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰিছিল বিজেপিৰ সাংসদ কেইজনে। জানিব পৰা মতে বিজেপিৰ নেতা কেইগৰাকীয়ে অকল সাংসদ পদৰ পৰাহে পদত্যাগ কৰিছে কিন্তু তেওঁলোকে বিধায়ক পদ ত্যাগ কৰা নাই।
বিজেপিৰ পৰা পদত্যাগ কৰা সাংসদ কেইগৰাকী ক্ৰমে; ছত্তিশগড়, ৰাজস্থান ,আৰু মধ্যপ্ৰদেশৰ আছিলে।ছত্তিশগড়ৰ পৰা ২ গৰাকী , মধ্যপ্ৰদেশৰ পৰা ৫ গৰাকী আৰু ৰাজস্থানৰ পৰা ৩ গৰাকী বিজেপিৰ নেতাই সাংসদ পদ পদত্যাগ কৰাৰ কথা জানিব পৰা গৈছে। পদত্যাগ কৰা সাংসদসকল হৈছে গোমতী চাই,নৰেন্দ্ৰ সিং তোমাৰ,ৰাকেশ সিং,প্ৰহ্লাদ পেটেল, ৰিতি পাঠক, উদয় প্ৰতাপ সিং, কুমাৰী ৰাজ্যবৰ্ধন ৰাঠৌৰ আৰু কিৰোৰী লাল মীনাই।
বিজেপিৰ বিধানসভা নিৰ্বাচনত ২১ জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব কৰিছিল যদিও তেওঁলোকৰ ভিতৰত ১২ জন প্ৰাৰ্থীহে জয় লাভ কৰা দেখা যায় আৰূ  ৯জন প্ৰাৰ্থী পৰাজয় হৈছিল । উল্লেখ যে , নিৰ্বাচনত জয়ী লাভ কৰা ১০ জন বিধায়কে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই দলটোক প্ৰতিনিধিত্ব কৰে বুলি জানিব পৰা গৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *