১ জেঠত পাতিব নোৱাৰিব বিহুঃ মুখ্যমন্ত্ৰী

Share

১ জেঠৰ পিছৰ পৰা বিহু পাতিব নোৱাৰিব বিহু কমিটীসমূহে। বিহুৰ সলনি আন সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ অনুমতি দিব প্ৰশাসনে। আজি কলাক্ষেত্ৰত বিহু কমিটীক সাহায্য বিতৰণ কৰা অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।  উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বিহু কমিটীৰ লোকসকল মদ খোৱাৰ পৰা  আঁতৰি থাকিব লাগিব। বিহু পেণ্ডেলৰ পৰা ২০০ৰ পৰা ৫০০ মিটাৰ আঁতৰত মদ খাব নোৱাৰিব। পেণ্ডলৰ ভিতৰত যাতে কোনো মদ খোৱা ব্যক্তি সোমাব নোৱাৰে  সেয়া লক্ষ্য ৰাখিবলৈ আহ্বান কমিটীসকলক।

ইয়াৰ উপৰিও,  বিহুত চান্দা উঠোৱা সংস্কৃতি নোহোৱা কৰিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, কমিটীসমূহে টকা-পইচা নোলোৱাকৈ হুঁচৰি গোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা বছৰৰ পৰা ৰাজ্য চৰকাৰৰ নেতৃত্বত সাত বিহু অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *