আতিকৰ হত্যাৰ পিছতেই সাংবাদিক সকলৰ বাবে প্ৰকাশ কৰিব SOP

Share

 উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ আৰক্ষীৰ বেষ্টনীৰ ভিতৰত থকা অৱস্থাতে তিনিজন আক্ৰমনকাৰীয়ে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰে। আতিকে সাংবাদিকৰ আগত মন্তব্য দিয়াৰ সময়তে তিনি আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে আতিক আৰু ভাতৃ আশ্ৰফক।

আৰক্ষীৰ সূত্ৰ অনুসৰি,আক্ৰণকাৰী সকলে সাংবাদিকৰ ছদ্মবেশত আতিকৰ অতি ওচৰলৈ আহিছিল।এই কথালৈ গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইবাৰ সাংবাদিক সকলৰ বাবে SOP প্ৰকাশ কৰিবলৈ সাজু হৈছে।

আতিকৰ হত্যাকাৰী সকলে গুলীয়াবলৈ সাংবাদিকৰ বেশত অহাৰ অভিযোগ উত্থাপিত হৈছে।আৰক্ষীৰ জীপৰ পৰা চিকিৎসালয়ৰ ফালে খোজ কাঢ়ি আছিল আতিক।সেই সময়তে সাংবাদিকে আগুৰি ধৰিছিল আতিকক।

সাধাৰণতে সাংবাদিকক বিপদজনক এলেকাত ৰিপ’ৰ্ট দিওঁতে সুকীয়া জেকেট দিয়া হয়।যাতে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ পৰিচয় স্পষ্ট আখৰেৰে লিখা হয়।সূত্ৰ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সাংবাদিকসকলে কি কৰিব লাগে সেই সন্দৰ্ভত এক সুকীয়া  SOP প্ৰকাশ কৰিবলৈ ওলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *