আজিৰে পৰা ২২৬ বছৰীয়া বাৰেচহৰীয়া ভাওনা মহোৎসৱ

Share

আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত জামুগুৰিহাটত অনুষ্ঠিত হৈছে বাৰেচহৰীয়া ভাওনা মহোৎসৱ। জামুগুৰিহাটৰ পকামুৰা পথাৰত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই ঐতিহ্যমণ্ডিত ভাওনা সমাৰোহখনিয়ে ভক্তপ্ৰাণ ৰাইজৰ আস্থা আৰু ভক্তিৰ মাজেৰে আহি ভৰি দিছে গৌৰৱোজ্জ্বল ২২৬ টা বছৰত। ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বৰণ্য ব্যক্তিসকলে।

মহোৎসৱখনিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে সিংহাসন স্থাপনৰ পিছতে পুৱা ১০ বজাত গুণমালা পুথি লৈ শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীৰ উদ্বোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। প্ৰথম দিনৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

উল্লেখযোগ্য যে প্ৰতি বছৰে এই ভাওনা মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক দৰ্শক, ভক্তৰ সমাগম হয়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব বুলি আশাবাদী আয়োজক সমিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *