গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰৱী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ এমাহ নৌহওতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে এক অনুৰূপ ঘটনা। লামডিঙৰ শিমলুতলাত নিশা সংঘটিত হোৱা এক গুলীচালনা ঘটনাত আহত হৈছে ভাৰতীয় ৰে’ল বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। জানিব পৰা মতে স্কুটীত অহা দুই দুৰ্বৃত্তই গুলীচালনা কৰি পলাই যায়। গুলীবিদ্ধ লোকজনৰ নাম তৰুণ চক্ৰৱৰ্তী। মূৰ আৰু ডিঙিত গুলী লগা তৰুণ চক্ৰৱৰ্তীক নিশাই উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক, আৰক্ষী-অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী-অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। গুলীচালনা ঘটনাত জড়িতৰ সন্দেহত ইতিমধ্যে আটক কৰা হৈছে দুজন লোকক।