ৰাজস্থানত আজিৰে পৰা অনুষ্ঠিত হয় ৰাইজিং ৰাজস্থান গ্লবেল ‘ইনভেষ্টমেন্ট ছামিট’ শীৰ্ষক বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।লগতে অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোডী মুখ্য অতিথিৰুপে উপস্থিত থাকে।আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া প্ৰদৰ্শনী জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত হয়।৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই তিনিদিনীয়া সন্মিলনৰ লক্ষ্য হৈছে ৰাজস্থান বিনিয়োগৰ সুযোগ শক্তিশালী কৰা আৰু ব্যৱসায়িক কেন্দ্ৰ হিচাপে সম্ভাৱনা প্ৰদৰ্শন কৰা।আনহাতে এই বিনিয়োগ সন্মিলনত উপস্থিত থাকে ৰাজস্থানৰ মূখ্যমন্ত্ৰী ভজনলাল শৰ্মা।সন্মিলনখনৰ প্ৰখ্যাত উদ্যাগপতি কুমাৰ মংগলম বিৰলা,অনিল আগৰৱালা,আনন্দ মহিন্দ্ৰা,সঞ্জীৱ পুৰী,অজয় এছ শ্ৰী ৰামকে ধৰি ৫ হেজাৰতকৈ অধিক উদ্যাগী,বিনিয়োগকাৰী বিশিষ্ট ব্যাক্তিক আদৰণি জনোৱা হ’ব।লগতে এই সন্মিলনত মুঠ ৩২খন দেশে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে ইয়াৰে ১৭ খন দেশ যত জাপান,ছুইজাৰলেণ্ড,ছিংগাপুৰ,ডেনমাৰ্ক আৰু দক্ষিণ কোৰিয়াক অংশদাৰ ৰাষ্ট্ৰ হিচাপে নিৰ্ধাৰণ কৰে।