১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছত মে’জুন মাহত দাখিল হ’ব পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় চৰকাৰে লোকসভাত দিয়া বিবৃতিমতেই এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ পৰিমাণ ১৬১ লাখ কোটি টকাৰ ঘৰত অতিক্ৰম কৰিছে। বিগত ছমাহতে লোৱা ঋণৰ পৰিমাণ ৫ লাখ কোটি টকা। এই ঋণ ভাৰতৰ মুঠ ঘৰুৱা উপাদনৰ( জি ডি পি) ৬০ শতাংশ। যদিহে ভৰতৰ জনসংখ্যা ১৪২ কোটি বুলি ধৰা হয়,তেন্তে প্ৰতিজন ভাৰতীয়ৰ মূৰৰ ওপৰত ঋণৰ পৰিমাণ ১.৪০ লাখ টকা। ভাৰতীয় অৰ্থনীতিয়ে কোৰোনাৰ গ্ৰাসৰ পৰা সম্পূৰ্ণৰূপে যে মুক্ত হ’ব পৰা নাই , উদং ৰাজকেোষৰ বাবে বজাৰৰ পৰা লাখ লাখ কোটি টকাৰ ধাৰ প্ৰতিদিনে ল’বলগীয়া হৈছে, তাৰ নিদাৰুণ ছবি প্ৰকট হৈ উঠিছে।
এই বিপুল পৰিমাণৰ ঋণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে সাধাৰণ বাজেটৰ ২০ শতাংশ ধন।ঋণৰ বাবে দিয়া সুতৰ পৰিমাণ দেশৰ স্বাস্থ্য বাজেটৰ ১০ গুণ , শিক্ষা বাজেটৰ ৭ গুণ আৰু প্ৰতি ৰক্ষা বাজেটৰ আঢ়ৈ গুণ। কেন্দ্ৰীয় চৰকাৰে দেশৰ বীমা কোম্পানী , ৰিজাৰ্ভ বেংক , অল্য বেংক, ট্ৰেজাৰী বিল, গ’ল্ড বিল বণ্ড, ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ পৰা ঋণ লোৱাই নহয়, আই এম এফ , বিশ্ববেংক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বেংকৰ পৰা বিপুল পৰিমাণে ঋণ লৈ আহিছে। কোন্দ্ৰীয় চৰকাৰে ঋণ লোৱা এই বিপুল পৰিমাণৰ ধন ব্যয় হৈছে কেইখনমান আঁচনিত । এই আঁচনিসমূহৰ সৈতে জনসাধাৰণ প্ৰত্যক্ষভাবে জড়িত যদিও তাৰ আঁৰত যে শাসকীয় দলৰ নিৰ্বাচনী অংকও জড়িত আছে সেয়া স্পষ্ট।