হৃদয় চুই যোৱা চিঠি ! ‘ মা আমি আকৌ লগ হ’ম সৰগত ‘  কোন শিশুৱে মাতৃৰ স্মৃতিত লিখিলে এই হৃদয় বিদাৰক চিঠি 

Share
গুৱাহাটী, ১১ এপ্রিলঃ  ৰাছিয়াই ইউক্রেইনৰ ওপৰত যিদৰে ধাৰাবাহিক নিৰ্মম, নিৰ্বিকাৰভাৱে আক্রমণ চলাই যোৱাৰ সময়তে বহুলোকে প্রাণ হেৰুৱাব লগা হৈছিল । তাৰ ভিতৰত বহুজনে আপোনজনকো হেৰুৱাইছিল । বহু পৰিয়াল নিমিষতে থান – বান হৈছিল । ফলশ্রুতিত , বহুসংখ্যকে আশ্রয়স্থলীৰো সংকটৰ সন্মুখীন হৈছিল ।তেনে পৰিপ্রেক্ষিতত সৰ্বত্রে চৰ্চাত আন এটি কাহিনীৰ আঁৰত থকা মৰ্মস্পৰ্শকাতৰ ঘটনা ।
ইউক্রেইনৰ এগৰাকী ৯ বছৰীয়া ছোৱালীয়ে লিখা এখন হৃদয় বিদাৰক চিঠি। যুদ্ধত মৃত্যু হোৱা মাতৃলৈ বুলি লিখা এই হৃদয়বিদাৰক চিঠিখনে এতিয়া বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । মাতৃৰ স্মৃতিত , ছোৱালীজনীয়ে মৃত মাতৃলৈ লিখিছে যে তেওঁ এগৰাকী ভাল ছোৱালী হ’বলৈ  সৰ্বতোপ্রকাৰে চেষ্টা কৰিব , যাতে মাতৃৰ সৈতে তেওঁ পুনৰ স্বৰ্গত লগ হ’ব পাৰে ।
নিজ হাতেৰে লিখা এই চিঠিখন ইউক্রেইনৰ গৃহ দপ্তৰৰ মন্ত্রীৰ উপদেষ্টা এন্টন গেৰাশ্বচেংকোৱে সামাজিক মাধ্যম টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰিছিল । টুইটযোগে গেৰাশ্বচেংকোৱে লিখিছে যে —’ ব’ৰ’ডায়াংকাত মৃত্যু হোৱা মাতৃলৈ বুলি ৯ বছৰীয়া কন্যাৰ চিঠি ।’ সংবাদ মাধ্যমৰ বাতৰি মতে , গাড়ীৰে গৈ থাকোঁতে ৰাছিয়াৰ আক্রমণত অকণমানি ছোৱালীজনীৰ মাতৃৰ মৃত্যু হৈছিল । চিঠিখনত ছোৱালীজনীয়ে লিখিছে যে —” মা , এই চিঠিখন তোমালৈ বুলি ৮ মাৰ্চত এক উপহাৰ ।মোৰ জীৱনৰ শ্রেষ্ঠ নটা বছৰৰ বাবে তোমাক ধন্যবাদ। মই মোৰ শৈশৱৰ বাবে কৃতজ্ঞ । তুমি পৃথিৱীৰ শ্রেষ্ঠ মাতৃ । মই তোমাক কেতিয়াও নাপাহৰোঁ । মই সৰ্বতোপ্রকাৰে ভাল ছোৱালী হ’বলৈ চেষ্টা কৰিম , যাতে স্বৰ্গলৈ যাব পাঁৰো । শেষত এটি চুমাৰে, — গালিয়া ।”

Leave a Reply

Your email address will not be published. Required fields are marked *