মঙলদৈ পাতালসিংপাৰা গাঁৱত সামাজিক  সংকীৰ্ণতাৰ বলি এটা পৰিয়াল

Share

ডিজিটেল ডেস্কঃ মঙলদৈৰ নিকটৱৰ্তী পাতালসিংপাৰা গাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা। উচ্চ বৰ্গৰ ব্যক্তি এজনে নিম্ন বৰ্গৰ ছোৱালী বিয়া কৰোৱাৰ বাবে লোকজনৰ মৃত্যৰ পিছতো সৎকাৰ কৰিবলৈ নাহিল গাঁৱৰ ৰাইজ। কিয়নো প্ৰায় ২৭ বছৰ পূৰ্বে মঙলদৈৰ মৃতক অতুল শৰ্মাই নিম্ন সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই গাওঁখনৰ সামাজিক অনুষ্ঠানৰ পৰা বঞ্চিত হৈ আহিছিল মৃত অতুল শৰ্মাৰ পৰিয়াল।

মঙলবাৰে অতুল শৰ্মাৰ মৃত্যৰ পিছতে তেওঁৰ পত্নীয়ে গাওঁৰ ওচৰ-চুবুৰীয়াৰ পৰা মৃতকক সৎকাৰ কৰিবৰ বাবে সহায় বিচাৰে যদিও মৃতকৰ সৎকাৰ কৰাৰ দায়িত্ব কোনোৱেই নোলোৱাৰ  বাবে মৃত অতুল শৰ্মাৰ দুই ভাতৃয়ে ওচৰ-চুবুৰীয়া ৰাইজৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ বাবে অৱশেষত মৃত দেহটো ঘৰৰ পৰা উলিয়াই নি নৈৰ পাৰত পুটি থয়। এনেদৰে মৃতদেহটো সৎকাৰ নকৰি এই দৰে নৈৰ পাৰত পুটি  থোৱাৰ ঘটনাই বৰ্তমান অঞ্চলটিত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই  আজি অতুল শৰ্মাৰ গৃহত আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতত মৃতদেহটো গাঁতৰ পৰা উলিয়াই আনি হিন্দু ৰীতি-নীতিৰে সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *