পুনৰ সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ । বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য । প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰত ৫০ টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৩৫০.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে ।
উল্লেখযোগ্য যে , চলিত বৰ্ষতে দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য । জানুৱাৰীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি পাইছিল । ২০২১ চনৰ জানুৱাৰী মাহত একোটা ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৭৪৩ টকা কিন্তু এতিয়া দাম বৃদ্ধি পাই ১১৫২ টকা হৈছেগৈ । অৰ্থাৎ দুটা বছৰতে ৰাজ্যখনত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৪০৯ টকালৈ বৃদ্ধি পাইছে । এই দাম বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ লোকক ।
কেন্দ্ৰীয় চৰকাৰে খৰিৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছিল । কিন্তু চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাত দৰিদ্ৰ লোকসকল চিলিণ্ডাৰ ক্ৰয় কৰাত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে । আনকি কিছুসংখ্য়ক লোকে বিনামূলীয়াকৈ লাভ কৰা চিলিণ্ডাৰ বিক্ৰী কৰি দিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে । বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ – ২২ ত উক্ত আঁচনিৰ অধীনৰ ৯.৬ % হিতাধিকাৰীয়ে ইন্ধন শেষ হোৱাৰ পাছত পুনৰ চিলিণ্ডাৰ ভৰ্তি কৰা নাছিল , ৪.১৩ কোটি হিতাধিকাৰীয়ে যোৱা পাঁচ বছৰত এবাৰো চিলিণ্ডাৰ ভৰ্তি কৰা নাই। ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিখন যে ব্যৰ্থ হৈছে সেয়া দেখদেখকৈ উলাই পৰিছে ।