মাণিক চন্দ্ৰ নাথ, নগাঁও
মেট্ৰিক/হায়াৰ ছেকেন্ডাৰী পৰীক্ষাৰ বিকল্পস্বৰূপে মূল্যায়ন নীতিৰ ওপৰত চৰকাৰে জাৰি কৰা অধিসূচনাৰ ৫নং দফাত উক্ত পৰীক্ষাৰ নম্বৰ তালিকা চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাৰ কথা কৈছিল।সেয়ে চাকৰিৰ উদ্দেশ্য আন এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাক লৈ ছাত্ৰনেতাসহ বহুতে হুলস্থূল লগাইছিল। শেষত মুখমন্ত্ৰীৰ হস্তক্ষেপত ৫নং দফাটো বাতিল হল, সিফালে সংশ্লিষ্ট চাকৰিৰ কাৰণে সুকীয়া পৰীক্ষাৰ বৱস্থা ৰখা হ’ল। অৰ্থাৎ এখন স্থায়ী নম্বৰ তালিকাৰ পৰিৱৰ্তে চাকৰিৰ বাবে বাৰে বাৰে সমপৰ্যায়ৰ পৰীক্ষাত বহিব লগাৰ বৱস্থাৰে সৃষ্টি হ’ল। তথাপি বাতিল শব্দ বাহিৰ কৰোৱাতে এখন যুঁজৰ সফল সমাপ্তি ঘটিল ।