প্ৰথম গৰাকী খাচী মহিলাক মুখ্য সচিব হিচাপে নিযুক্তি মেঘালয়ৰ ৰেবেকা ভেনেছা  চুচিয়াঙক

Share
অনালি শৰ্মা , ৩০ অক্টোবৰঃ মেঘালয়ৰ চৰকাৰে ৰাজ্য খনৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া ৰেবেকা ভেনেছা চুচিয়াঙ ১৯৮৯ বেটচৰ অসম-মেঘালয় কেডাৰৰ এগৰাকী আইএএছ বিষয়া। 
উল্লেখ্য যে তেওঁৱেই প্ৰথম মেঘালয়ৰ খাচী মহিলা মুখ্য সচিব হোৱাৰ লগতে বৰ্তমান আটাইতকৈ জ্যেষ্ঠ আইএএছ বিষয়া । ইয়াৰ আগতে তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপেও সেৱা আগবাঢ়াইছিল । 
বৰ্তমানৰ মুখ্য সচিব এম.এছ. ৰাওৱে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই মেঘালয়ৰ ৰাজহুৱা সেৱাৰ অধিকাৰ আইন ২০২০ অনুসৰি সেই পদত দায়িত্ব গ্ৰহণ কৰিব চুচিয়াঙে । বুধবাৰে জাৰি কৰা হয় এই 
চৰকাৰী নিৰ্দেশনা ।

Leave a Reply

Your email address will not be published. Required fields are marked *