দিল্লীৰ আবাসী সকলে নৰকত বাস কৰেঃ হিমন্ত বিশ্ব শৰ্মা

Share

দিল্লীৰ মুখ্যমন্ত্ৰী আৰবিন্দ কেজৰিৱালে অসমৰ মাটিত ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান দি গ’ল। ৰাজ্যৰ স্বাস্থ্য,শিক্ষাৰ পৰা কয়লা চুপাৰী ছিণ্ডিকেটক লৈ এটাৰ পিছত আনটো অভিযোগ তুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক। কেজৰিৱালৰ এই মন্তব্যৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। কেজৰিৱালে  দিল্লীত ১২ লাখ চাকৰি দিয়া বুলি উল্লেখ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই নিজে খবৰ লৈ গম পাইছে দিল্লীত মুঠ চাকৰি ডেৰ লাখহে আছে। ১২ লাখ চাকৰি কেজৰিৱালে কেতিয়া আৰু ক’ত দিলে তাৰ তথ্য বিচাৰিব শৰ্মাই। এইক্ষেত্ৰত দিল্লী চৰকাৰলৈ পত্ৰ লিখাৰ কথাও ক’লে মুখ্যমন্ত্ৰী শৰ্মাই।

কেজৰিৱালক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, দিল্লীৰ জুপুৰীত মানুহ থাকিব নোৱাৰে। নৰকত বাস কৰে দিল্লীৰ আবাসীসকলে। বিপৰীতে অসমৰ ৯৫শতাংশ লোক স্বৰ্গত বাস কৰে। কেজৰিৱালে চাহ খাবলৈ কৰা নিমন্ত্ৰণো ৰক্ষা কৰিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। মাথোঁ চৰ্ত, হিমন্ত বিশ্ব শৰ্মাই নাযায় কেজৰিৱালে নিয়া স্থানলৈ। নিদিষ্ট স্থানতহে যাব হিমন্ত বিশ্ব শৰ্মা।

Leave a Reply

Your email address will not be published. Required fields are marked *