ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ নিখোজ

Share

যুদ্ধজৰ্জৰ ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ বিদ্ৰোহী বাহিনীয়ে দখল কৰাৰ লগে লগে পলায়ন কৰা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ সম্প্ৰতি নিখোজ হৈ আছে। মাজ আকাশৰ পৰা সন্ধানহীন হোৱা আছাদৰ বিমানখন বিদ্ৰোহী বাহিনীয়ে গুলিয়াই ভূপতিত কৰা বুলিও একাংশই মতামত আগবঢ়াইছে।

২০১১ চনতে একনায়কত্ববাদী আছাদৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল প্ৰতিবাদ। পিছে সময়ৰ গতিত ই ৰক্তাক্ষয়ী যুদ্ধৰ ৰূপ লয়। আছাদৰ শাসনকালত ছিৰিয়া ৰূপান্তৰিত হয় যুদ্ধস্তুপলৈ। তেৰবছৰীয়া এই গৃহযুদ্ধত নিহত হয় পাঁচ লক্ষাধিক লোক, গৃহহাৰা হয় কোটিৰো অধিক। শিশুৰ পৰা বৃদ্ধ কোনো সাৰি যোৱা নাই আছাদৰ অত্যাচাৰৰ পৰা। বহুতে বিদেশত গৈ শৰণাৰ্থীৰ জীৱন কটাইছে। অৱশেষত বিদ্ৰোহী বাহিনীয়ে ৰাজধানী চহৰ ডামাস্কাছ দখল কৰাৰ লগে লগে ছিৰিয়াক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰে আৰু ইয়াৰ সমান্তৰাল ভাৱে সন্ধানহীন হয় ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ। অৱশ্যে আছাদৰ গন্তব্যস্থান সম্পৰ্কে তথ্য নাই কাৰো হাতত। এই সন্দৰ্ভত আমেৰিকাই কয় যে আছাদে পূৰ্বৰ নিচিনা ৰাসায়নিক আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে। ২০১৩ তথা ২০১৭ চনত ভয়ংকৰ ৰাসায়নিক আক্ৰমণ চলাই ইতিমধ্যেই তাৰ প্ৰমাণ দি থৈছে আছাদে। সময়েহে কব আগন্তুক দিনত পৰিস্থিতিয়ে কি ৰূপ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *