ছিপাঝাৰত জনসেৱাত ছিঙিল ননৈ নদীৰ মাথাউৰি

Share

ছিপাঝাৰৰ জনসেৱাত ছিঙিল ননৈ নদীৰ মথাউৰি।ননৈৰ পশ্চিম দিশৰ মথাউৰি ছিঙাৰ ফলত পানীৰ তলত ডুব গৈ আছে কেইবাখনো গাঁও । উক্ত অঞ্চলত ইতিমধ্যে উপস্হিত হৈছে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা । অঞ্চলটোত উপস্হিত হৈ মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ খবৰ লৈ আশ্ৰয় শিবিৰ সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ কখা অৱগত কৰে । ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত বিগত দিনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলতেই ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপ-নৈসমূহত বৃদ্ধি পাইছে জলস্তৰ । যাৰ বাবে ভদীয়া বানৰ কবলত পৰিছে উজনি-নামনিৰ কেইবাখনো ঠাই ।  

Leave a Reply

Your email address will not be published. Required fields are marked *