চাৰিবছৰীয়া হ’ব স্নাতক ডিগ্ৰী পাঠ্যক্ৰম, শীঘ্ৰে জাৰি কৰা হ’ব নিৰ্দেশনা

Share

১১ ডিচেম্বৰত ঘোষণা কৰা অনুসৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱতৰ লগে লগে দেশৰ প্ৰচলিত শৈক্ষিক ব্য়ৱস্থাত ব্য়াপক পৰিৱৰ্তন ঘটিব । স্নাতক পৰ্যায়ৰ পাঠ্য়ক্ৰমক লৈ এক নতুন খচৰা প্ৰস্তুত কৰি উলিয়াইছে বিশ্ববিদ্যালয় অনুদান আয়োগ তথা ইউ জি চিয়ে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে। “গ্ৰেজুৱেট প্ৰোপামছ” শীৰ্ষক সম্পৰ্কীয় খচৰাত সংযোজন ঘটোৱা হৈছে কেতবোৰ নতুন তথা গুৰুত্বপূৰ্ণ ব্যৱস্থাৱলী। বৰ্তমানৰ তিনিবছৰৰ পৰিৱৰ্তে চাৰিবছৰীয়া পাঠ্যক্ৰম অধ্যয়নৰ অন্ততহে স্নাতক ডিগ্ৰী লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব শিক্ষাৰ্থীসকলে। প্ৰচলিত তিনিবছৰীয়া পাঠ্যক্ৰম অধ্যয়নেৰে স্নাতক ডিগ্ৰী লাভৰ বাবে প্ৰয়োজন ১২০ ক্ৰেডিট পইণ্টৰ। কিন্তু ইয়াৰ বিপৰীতে চাৰিবছৰীয়া পাঠ্যক্ৰমৰ স্নাডিগ্ৰী অৰ্জনত ১৬০ ক্ৰেডিট পইণ্টৰ প্ৰয়োজন হ’ব। চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীসকলে যদি কোনো বিষয়ত গৱেষণা কৰিব বিচাৰে নিৰ্দিষ্ট বিষয়টো বাছনি কৰি ল’ব লাগিব। তাৰ উপৰি স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে নিৰ্দিষ্ট বিষয়টোত “স্পেচিয়েলাইজেশ্য়ন” কৰিব লাগিব গৱেষণাৰ বাবে ইচ্ছ্যুক শিক্ষাৰ্থীসকলে। তিনিবছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক ইচ্ছা কৰিলে চাৰিবছৰীয়া পাঠ্যক্ৰম গ্ৰহণৰ সুবিধাও আগবঢ়াইছে ইউ জি চিৰ নতুন খচৰাই। অৱশ্যে এইক্ষেত্ৰত তেনে শিক্ষাৰ্থীসকলক অনলাইন তথা অফলাইন মাধ্যমত এটা “ব্ৰিজ কোৰ্চ” কৰাৰ সুযোগ দিব সংশ্লিষ্ট বিশ্ববিদ্যালয়ে।  তিনিবছৰৰ ভিতৰত নতুনকৈ অধ্যয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিলেহে সুযোগ লাভ কৰিব লগতে পাঠ্যক্ৰম সমাপ্ত কৰােতা বাধ্যতামূলক। মেজৰ বিষয়ক লৈও খচৰাত এক নতুন তথা সু-নিৰ্দিষ্ট ব্যৱস্থা তথা সংযোজন কৰা হৈছে। অৱশ্যে শিক্ষাৰ্থীসকলে মেজৰ বিষয়ত লাভ কৰিব লাগিব পঞ্চাশ শতাংশ ক্ৰেডিট পইণ্ট। অসমত প্ৰথমবাৰৰ বাবে অহা ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা নতুন ৰাষ্ট্ৰীয় নীতিৰ অধীনত অনুষ্ঠিত হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। তাৰ মাজতে স্নাতক পৰ্যায়ক লৈ ইউ জি চিয়ে প্ৰস্তুত কৰিব নতুন খচৰা। 

Leave a Reply

Your email address will not be published. Required fields are marked *