গ্ৰন্থৰ সুবাসেৰে সুবাসিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিন

Share

উখল-মাখল চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন। বাৰ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ ২০২৩ বৰ্ষৰ জানুৱাৰীৰ পহিলা দিনটোতে গ্ৰন্থ বিক্ৰীয়ে গঢ়িলে অভিলেখ। বিক্ৰী হ’ল প্ৰায় ১ কোটি টকাৰ গ্ৰন্থ। বছৰৰ প্ৰথমটো দিনতে গ্ৰন্থৰ সুবাস ল’বলৈ আহিল ৰাজ্যখনৰ অগণন গ্ৰন্থপ্ৰেমী। আজি গ্ৰন্থমেলাৰ বাকৰিত সন্ধিয়া ৬ বজাত ড° ননী গোপাল মহন্তৰ “আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস” গ্ৰন্থখন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উন্মোচন কৰা হ’ব। ইয়াৰ উপৰিও আজিৰ গ্ৰন্থমেলাত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ লগতে আন আন বহুকেইজন বিশিষ্ট অতিথি।

Leave a Reply

Your email address will not be published. Required fields are marked *