গুজৰাটত শোকাৱহ ঘটনাঃদেওবাৰে মৰবিত ভাঙি পৰিল ওলোমা দলং

Share

নিউজ ডেস্ক,৩১ অক্টোবৰঃগুজৰাটৰ মৰবি জিলাত মচ্ছু নদীৰ ওপৰত থকা ১৪০ বছৰীয়া পুৰণি এখন ওলমা দলং ভাঙি পৰাৰ ফলত এতিয়ালৈ ১৩২জন লোকৰ মৃত্যু ঘটিছে। নিহতসকলৰ ভিতৰত মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ লোকো আছে। এই দুৰ্ঘটনাত ১৭৭ লোকক উদ্ধাৰ কৰা হৈছে আৰু ১৯জন মৰবি চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে,গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সাংভীয়ে মৰবি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই দুখজনক ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত নিজৰ ৰোড শ্ব’ বাতিল কৰিছে।
তদুপৰি এনডিআৰএফ, এছডিআৰএফ, সেনা, বায়ুসেনা আৰু নৌসেনাৰ উপৰি স্থানীয় প্ৰশাসন উদ্ধাৰ অভিযানত ব্যস্ত আছে। লগতে এই দলংখন মেৰামতি আৰু নৱীকৰণৰ ৪ দিন পিছতে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *