খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণক লৈ,এছ অ’পি জাৰি কৰাৰ সিদ্ধান্ত

Share

ৰাজ্যত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বিনামূলীয়া চাউল বিতৰণ সন্দৰ্ভত অসম চৰকাৰে নতুন এছ অ’ পি জাৰি কৰাৰ
সিদ্ধান্ত লৈছে৷ আজি দিছপুৰত মূখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত ।গ্ৰহণ কৰা হৈছে৷ এই সন্দৰ্ভত কেবিনেটৰ পিচতেই আনুষ্ঠিত এক সংবাদমেলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, অসম এছ অ’ পি অনুসৰি এতিয়াৰে পৰা প্ৰতি মাহৰ এক তাৰিখৰ পৰা ৯ তাৰিখৰ ভিতৰত সমবায় সমিতিসমূহে,ভাৰতীয় খাদ্য নিগমৰ পৰা চাউল উঠাই ৰেচনৰ দোকানত জমা দিব লাগিব আৰু ৰেচনৰ দোকানীয়ে প্ৰতি মাহৰ ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত হিতাধিকাৰীক চাউল বিতৰণ কৰিব কৰিব লাগিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *