আজি শ্বহীদ দিৱস।সমগ্ৰ ৰাজ্যবাসীয়ে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটো পালন কৰিছে শ্বহীদ দিৱসৰূপে।অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ তথা এই গণ আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰি এই দিৱস পালন কৰা হয়। ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱসৰ অনুষ্ঠান আয়োজন কৰা হৈছে।
১৯৭৯ চনত ঐতিহাসিক অসম আন্দোলনত অসমী আইৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দি শ্বহীদ হোৱা প্ৰথমগৰাকী অসম মাতৃৰ সন্তান আছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ৷ এইগৰাকী ছাত্ৰনেতাৰ স্মৃতিতেই প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰোপৰি এই দিনটোতেই অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখিয়েই আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদক সুঁৱৰি ‘শ্বহীদ দিৱস’ পালন কৰা হৈছে।এই শ্বহীদ দিৱসৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন।
এইবেলি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস উদযাপন কৰিছে গোৱালপাৰা জিলাত। আনহাতে ভাৰতীয় জনতা যুৱ মৰ্চাই জামুগুৰিহাটৰ পকামুৱা পথাৰত পালন কৰিছে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে অনুষ্ঠানত।