আজি অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালৰ সংবাদমেল সম্বোধন

Share

আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত ইডি জিম্মাত থকা অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰা হ’ব।সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে আজি এখন সংবাদমেল সম্বোধন কৰে।এই সংবাদমেলত কেজৰিৱাল পত্নীয়ে মন্তব্য কৰে যে,”মোৰ স্বামীয়ে ২৮ মাৰ্চত আদালতত সত্য প্ৰকাশ কৰিব।”ইয়াৰোপৰি তেওঁ কয় যে,”তথাকথিত সুৰা কেলেংকাৰীত ইডিয়ে চলোৱা ২৫০টাতকৈ অধিক অভিযানত এতিয়ালৈকে এটকাও বিচাৰি পোৱা নাই।আনহাতে ২৮ মাৰ্চত আদালতত অৰবিন্দ কেজৰিৱালে সকলো কথা প্ৰকাশ কৰিব বুলি কৈছে।সুৰা কেলেংকাৰীৰ টকা ক’ত আছে তেওঁ তাৰো প্ৰমাণ দিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *