ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰতিদিনৰ এছিভাৰ্ছ এৱাৰ্ডছ ২০২৪

Share

অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় দশম সংখ্যক এছিভাৰ্ছ এৱাৰ্ডছ ২০২৪। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। বিগত দহটা বছৰে সাদিন- প্ৰতিদিন গোষ্ঠীয়ে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰা বৰেণ্য ব্যক্তি সকললৈ আগবঢ়াই আহিছে এই বঁটা। এইবেলিও তেওঁলোকে নিৰ্বাচন কৰিছে এঘাৰজন বিশিষ্ট ব্যক্তিক। অনুষ্ঠানত আদৰণী ভাষণ জনাই সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বিগত সময় খিনিত ৰাইজৰ পৰা পোৱা অকৃত্ৰিম মৰমখিনিক কৃতজ্ঞতাৰে সোঁৱৰাৰ লগতে বঁটা প্ৰাপক সকলক অভিনন্দন জ্ঞাপন কৰে। এই অনুষ্ঠানতে প্ৰথিতযশা সাহিত্যিক  ড° নগেন শইকীয়ালৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা। এই বঁটাত আছে এখন মানপত্ৰ, এখন চেলেং, এখন ফুলাম গামোছা, এখন এৰী ছাদৰ, এটা স্মাৰক, এখন হেমকোষ আৰু ১,১১,১১১ টকাৰ এখন চেক।  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা বঁটা গ্ৰহণ কৰি ড° শইকীয়াই সাদিন প্ৰতিদিন গোষ্ঠীক আন্তৰিক ধন্যবাদ জনায়। ইপিনে অৰ্জুন বঁটা প্ৰাপক তথা ২০২২ চনত কমনৱেলথ গেমছত স্বৰ্ণপদক আজুৰি দেশৰ নয়নৰ মণি হৈ পৰা নয়নমণি শইকীয়ালৈ আগবঢ়োৱা হয় স্পৰ্টছ এক্সিলেঞ্চ এৱাৰ্ড। অসমীয়া চলচিত্ৰ জগতত এক নতুন দিশৰ সুচনা কৰা  বিদুৰভাই পৰিয়ালে লাভ কৰে জুৰীৰ বিশেষ সন্মান। ইপিনে প্ৰবীণ সাহিত্যক হাইদৰ হুছেইনলৈ আগবঢ়োৱা হয় সাদিন বঁটা। সাদিন বঁটাত আছে এখন মানপত্ৰ, এখন চেলেং, এখন ফুলাম গামোছা, এখন এৰী ছাদৰ, এটা স্মাৰক, এখন হেমকোষ আৰু ৫৫,৫৫৫ টকাৰ এখন চেক । ইপিনে মেঘালয়ৰ হাছিনা খাৰ্বিহে লাভ কৰিছে এক্সিলেঞ্চ ইন ছছিয়েল ছাৰ্ভিছ এৱাৰ্ড। ইমপালছ এন জি অ নেটৱৰ্ক গঠন কৰি ১৯৮৭ চনৰ পৰাই মানুহ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই আহিছে হাছিনাই।  এই অনুষ্ঠানতে সাদিন প্ৰতিদিন গোষ্ঠীৰ ৪ জন সাংবাদিকলৈও তেওঁলোকৰ কামৰ স্বীকৃতি স্বৰুপে বঁটা আগবঢ়োৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *